Moi jetia ai jibanar maya ari gusi jam (Bhupen Hazarika)

Moi jetia ai jibanar maya ari gusi jam……(মই যেতিয়া এই জীৱনৰ), song was sung by Dr. Bhupen Hazarika. Here is the lyrics of the song Moi jetia ai jibanar maya ari gusi jam.

 

The Lyrics, Moi jetia ai jibanar (মই যেতিয়া এই জীৱনৰ):

মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম,
আশা কৰোঁ মোৰ চিতাৰ কাষত
তোমাৰ সঁহাৰি পাম।

নালাগে মোৰ সোঁৱৰণী সভা
নালাগে মিছা নাম
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম।।

সমূহৰ বাবে গীত গাই গাই
তোমাক পাহৰি গʼলোঁ
সেয়েহে হ’বলা ভৰ জীৱনতে
তোমাকো হেৰুৱালোঁ।

এই ক্ষোভে মোক দহিছে আজিও
শান্তি ক’তেনো পাম
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম

মোৰ জীৱনৰ সংগ্ৰামখিনি
মই ফঁহিয়াই চালে পাম
তুমি নিদিয়া মৰমখিনিতে
আছিল সৰগী ধাম।
এই সৰগী ধামখনি মই
তোমাৰ বুকুতে পাম
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম।

Watch video on YouTube:

Moi jetia ai jibanar (মই যেতিয়া এই জীৱনৰ)

http://www.youtu.be/fH3Nn-_8lME

See also  Mohabbat Lyrics | Aditya Narayan

Share on:

Leave a Comment